August 28, 2024 10:23 AM

views 20

বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দল ত্ৰিপুৰালৈ ৰাওনা

গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব বি চি যোশীৰ নেতৃত্বত এটা কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দলে আজি ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখন পৰিদৰ্শন কৰিব। এই দলটোত কৃষি, বিত্ত, জলশক্তি, গ্রামোন্নয়ন আৰু পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰীসকল আছে। ত্ৰিপুৰাৰ ৰাজহ সচিব ব্রিজেছ পাণ্ডেই জনোৱা মতে ৰাজ্যখনত বানত আক্ৰান্ত ৭২ হাজাৰতকৈও অধিক লোক এতিয়ালৈকে ৪৯২টা আশ্রয় শিবিৰত আশ্ৰয় লৈ আছে। আনহাতে, ৫০ হাজাৰতকৈও অধিক লোক গোমাতি জিলাৰ অস্থায়ী আশ্রয় শিবিৰত আশ্রয় গ্রহণ কৰিছে। শ্রীপাণ্ডেই জনোৱা মতে ৰ...