October 6, 2024 11:59 AM
15
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহু অঞ্চল পুনৰ বানৰ কবলত
ৰাজ্যত শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বহু অঞ্চল পুনৰ বানৰ কবলত পৰিছে। ধেমাজি, ধুবুৰী, মানকাচৰ, গোৱালপাৰা আদিত শেহতীয়াকৈ বানে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। ধেমাজি জিলাৰ পৰিস্থিতি অধিক জটিল হোৱাৰ বাবে প্ৰশাসনে জোনাইত এটা আশ্রয় শিবিৰ মুকলি কৰিছে। এই শিবিৰত সম্প্ৰতি ১২৯ গৰাকী লোকে আশ্ৰয় লৈ আছে। আনহাতে গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণপাৰাত দুধনৈ নৈৰ বাঢ়নি পানীয়ে বিস্তৃর্ণ অঞ্চল বুৰাই পেলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত নৈখনৰ পানী ওফন্দি উঠাত বান্ধ ছিগি মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত...