July 4, 2024 6:40 PM July 4, 2024 6:40 PM

views 36

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগতে প্রায় ৪০ হাজাৰ হেক্টৰ কৃষি ভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এই বানত নগাঁও, কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে...

June 29, 2024 8:57 PM June 29, 2024 8:57 PM

views 11

ৰাজ্যত ৫খন জিলাৰ ৩৮৩খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাৱিত হৈ আছে। এই বানত প্ৰায় ৮৫ হাজাৰ পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈৰ ...

June 27, 2024 11:40 AM June 27, 2024 11:40 AM

views 14

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত; বৰ্তমানলৈ ১১খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৪৮৭খন গাঁও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩৭ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ মুঠ ২৬২খন গাঁও বানত বুৰ গৈছে। বানত জিলাখনৰ ১৩শ হেক্টৰৰো অধিক কৃষিভূমিৰ লগতে প্ৰায় ১ লা...