June 5, 2025 9:43 PM June 5, 2025 9:43 PM
12
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও ১৯খন জিলাৰ ভালেমান অঞ্চল বানৰ কবলত
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত ৬ লাখ ৭৮ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৯০টা আশ্রয় শিবিৰত ৪১ হাজাৰ ৩১৭ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এই সময়ছোৱাত ২ লাখৰো অধিক পশুধনৰো ক্ষতি ...