June 1, 2025 1:29 PM

views 39

সন্ধিয়া ৭.৪৫ বজাত আকাশবাণী গুৱাহাটীৰ বৰষুণৰ এটা দিন শীৰ্ষক ‘সংবাদ চলন্তিকা’

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭.৪৫ বজাৰ সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত শুকুৰবাৰে গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্র-ছাত্রী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

May 30, 2025 11:47 AM

views 23

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত, কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত পৰহিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ সম্ভাৱনালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী দুই-তিনি দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৰ বতৰা অনুসৰি ওড়িশাৰ উপকূল ভাগৰ সমীপৰ উত্তৰ-পশ্চিম বংগোপসাগৰত নিম্ন চাপৰ সৃষ্টি হৈছে। পৰৱৰ্তী...