July 7, 2025 8:07 PM

views 7

শেহতীয়া বানৰ কবলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল

গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল শেহতীয়াকৈ বানৰ কবলত পৰিছে। জিলাখনৰ সৰুপথাৰ, খুমটাই, নুমলীগড়, মৰঙীকে ধৰি দুকুৰিৰো অধিক গাঁও জলমগ্ন হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। আজি বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ অঞ্চলৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ লয়। গোলাঘাট জিলা প্রশাসনে ঠায়ে ঠায়ে শিবিৰ মুকলি কৰি সাংহায্য বিতৰণৰ ব্যৱস্থা কৰিছে।