June 9, 2025 12:20 PM June 9, 2025 12:20 PM

views 3

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ, ১১খন জিলাৰ ৩ লাখ লোক এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১১খন জিলাৰ ৭৪১খন গাঁৱৰ প্ৰায় ৩ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত ২৩জন লোকে প্ৰাণ হেৰুৱায়। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৩০টা আশ্রয় শিবিৰত প্ৰায় ২৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে৷ কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কালিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱ...