July 17, 2024 8:52 PM

views 49

ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানী হ্ৰাস পাইছে, এতিয়াও ১৬খন জিলাৰ এহেজাৰৰো অধিক গাঁও বানৰ কবলত

ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানী হ্ৰাস পাইছে যদিও এতিয়াও ১৬ খন জিলাৰ ৪৯টা ৰাজহ চক্ৰৰ এহেজাৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ৪ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ১২২ টা আশ্রয় শিবিৰত ১৫ হাজাৰৰো অধিক লোকে এতিয়াও আশ্ৰয় লৈ আছে। কোনো কোনো অঞ্চলত পানী শুকুওৱাৰ পাছত জনসাধাৰণ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পাছত বিভিন্ন ৰোগৰ আশংকাই দেখা দিছে। স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী বিশুদ্ধকৰণৰ বাবে ঔষধ তথা বিশুদ্ধ খোৱাপানী, অ' আৰ এছ আদি বিতৰণ কৰিছে। ইপিনে, ...