July 18, 2024 12:46 PM July 18, 2024 12:46 PM
3
ৰাজ্যত এতিয়াও ১৪খন জিলাৰ ৩৭টা ৰাজহ চক্ৰৰ ৮০০ৰো অধিক গাঁও বানৰ কবলত
ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও ১৪খন জিলাৰ ৩৭টা ৰাজহ চক্ৰৰ ৮শৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ চাৰে তিনি লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ৮৫টা আশ্রয় শিবিৰত প্ৰায় ১৩ হাজাৰ লোকে এতিয়াও আশ্ৰয় লৈ আছে। কোনো কোনো অঞ্চলত পানী শুকুওৱাৰ পাছত জনসাধাৰণ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পাছত বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱ পৰিলক্ষিত হৈছে। স্বাস্থ্য বিভাগে এনে অঞ্চলসমূহত পানীৰ পৰা উদ্ভৱ হ’ব পৰা ডায়েৰীয়া আদি ৰোগ আৰু মহৰ পৰা উদ্ভৱ হোৱা মেলেৰীয...