September 16, 2025 6:50 PM September 16, 2025 6:50 PM

views 19

নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ ৪ হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে ১৫টা আশ্রয় শিবিৰ মুকলি কৰিছে। আজি জিলা আয়ুক্ত পুলক মহন্তই সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ইটানগৰটোপ অঞ্চলত...

September 16, 2025 12:45 PM September 16, 2025 12:45 PM

views 16

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জনবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়া নৈৰ লগতে উপনৈসমূহৰ জনস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পর্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ চাৰি হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্রশাসনে ১৫ টা আশ্রয় শিবিৰ মুকলি কৰিছে। বানত আৱদ্ধসকলক সহায়ৰ বাবে...

July 4, 2025 12:46 PM July 4, 2025 12:46 PM

views 11

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত

কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। নগা পাহাৰৰ পৰা প্ৰৱাহিত নামদাং, দৈ-খনা, দিচৈ, ডেন্সি আদি উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে গেলেকীৰ নচুক, নআলি, বামুণগাঁও, ৰঙাগড়া, চপৰীয়া, মৰাণগাঁও, কছাৰী, তল মৰাণগাঁও, ওপৰ নামচাই, চৰাইসজীয়া, নমাটি, কাটনিপাৰ, বনুৱা আদি অঞ্চল বানত বুৰ গৈছে। বানৰ ফলত গেলেকীৰ এই বৃহত্তৰ অঞ্চলত খোৱাপানীকে ধৰি খাদ্য সমস্যাই দেখা দিছে। বন্যাক্রান্ত পৰিয়ালসমূহক সকাহ প্ৰদানৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

June 10, 2025 8:21 PM June 10, 2025 8:21 PM

views 43

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪৩ টা আশ্রয় শিবিৰত ছহেজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। ৰাজ্যখনৰ নদীসমূহ বৰ্তমা...

June 6, 2025 1:02 PM June 6, 2025 1:02 PM

views 23

বছৰৰ প্ৰথমটো বানৰ কবলত পবিতৰা অভয়াৰণ্য

বছৰটোৰ প্ৰথমটো বানে সংহাৰি ৰূপ ধাৰণ কৰাৰ সময়তে গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে অভয়াৰণ্যখনৰ ৭০ শতাংশ বনাঞ্চল বুৰাই পেলাইছে। টুপলুং, হাঁহচৰা, পাগলাডুবা, হাদুক, শিলডুবি আদি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। গড়কে ধৰি অভয়াৰণ্যখনৰ আন আন জীৱ-জন্তুসমূহ নিৰাপদ আৰু ওখ স্থানলৈ ঢাপলি মেলিছে। অভয়াৰণ্য কৰ্তৃপক্ষই বন্য প্রাণীসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত হাঁহকে ধৰি যাৱতী সকলো ব্যস্থা গ্ৰহণ কৰিছে। চোৰাং চাকাৰীয়ে যাতে বন্য প্রাণীসমূহৰ অনিষ্ট কৰিব নোৱাৰে ত...

June 6, 2025 12:19 PM June 6, 2025 12:19 PM

views 36

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯ খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনত ৫ লাখ ৬০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৬ লৈ বৃদ্ধি পাইছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৯০টা আশ্রয় শিবিৰত ৪১ হাজাৰ ৩১৭ জনৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত ২ লাখৰো অধিক পশুধনৰো ক্ষতি হ...

July 11, 2024 8:54 PM July 11, 2024 8:54 PM

views 2

সম্প্ৰতি ৰাজ্যৰ ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে

ৰাজ্যৰ কেইবাখনো জিলাত বতৰ ফৰকাল হোৱাৰ বাবে বাঢ়নি পানী হ্ৰাস পাইছে যদিও এতিয়াও ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৪ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে, ২০৯টা আশ্রয় শিবিৰ আৰু ১৫৬ টা সাহায্য বিতৰণ কেন...

July 11, 2024 10:01 AM July 11, 2024 10:01 AM

views 13

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত; সম্প্ৰতি ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে

■ ৰাজ্যখনত বান পৰিস্থিতি কিছু উন্নত হ'লেও ৰাজ্যখনৰ ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৯০টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৫ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি পাইছে। ইফালে ২৪০টা আশ্রয় শিবিৰত ৪৮ হাজাৰতকৈ অধিক বন্যার্তই আশ্ৰয় লৈ আছে। এন ডি আৰ...

July 6, 2024 7:32 PM July 6, 2024 7:32 PM

views 45

শেহতীয়া বানত ৰাজ্যৰ প্ৰায় ৪৭ হাজাৰ লোকৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ...

July 2, 2024 10:37 AM July 2, 2024 10:37 AM

views 132

সম্প্ৰতি বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

■ ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আছে। বৰ্তমানলৈকে ৰাজ্যত ১৩৬ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে আৰু ইয়াত ৮ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। বিভিন্ন ঠাইত বাঢ়নী পানীয়ে কেইবাটাও পথ খহাই নিয়াৰ লগতে বিভিন্ন ঠাইত পথৰ ওপৰে...