June 21, 2024 8:08 PM
18
জলমগ্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি নলবাৰী জিলাৰ টিহুৰ ২ নম্বৰ ৱাৰ্ড আৰু ৰেলৱে কলনীকে ধৰি কেইবাটাও জলমগ্ন অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীদাসে তৎকালীনভাৱে পানী নিষ্কাষণ কৰি তোলাৰ লগতে এই সমস্যাৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক ফোনযোগে আহ্বান জনায়।