October 7, 2025 11:49 AM

views 63

পশ্চিমবংগত বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা বিজেপিৰ কৰ্মী, সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছেঃ প্ৰধানমন্ত্ৰী

■ পশ্চিমবংগত হোৱা বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কাম কৰি থকা বিজেপিৰ কৰ্মীসকলৰ লগতে কেইবাজনো সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ এই গৰিহনাযোগ্য কাৰ্য আৰু ৰাজ্যখনৰ পুতৌজনক আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয়, যে পশ্চিমবংগৰ চৰকাৰ আৰু তৃণমূল কংগ্ৰেছে এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিত মানুহক সহায় কৰাৰ বিপৰীতে হিংসাত্মক কা...

September 16, 2025 6:19 PM

views 26

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোনযোগে ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোন কৰি ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয়। প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাজ্যখনলৈ সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰী ধামীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই কয়, যে তেওঁলোকৰ সমৰ্থনে ৰাজ্যখনত সাহায্য অভিযান খৰতকীয়া কৰি তোলাত সহায় কৰিব৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ...

September 9, 2025 3:03 PM

views 35

উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি সম্প্ৰতি জটিল হৈ আছে

■ উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ৰাজ্যখনৰ বিশেষকৈ প্ৰয়াগৰাজ, আগ্ৰা আৰু মথুৰা জিলাত বানে অধিক জটিল ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মথুৰা জিলাত বানৰ প্ৰভাৱ সবাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। যমুনা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ ভালেমান আবাসিক এলেকা বানত বুৰ যোৱাৰ ফলত জিলা প্রশাসনে এনে অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। মথুৰাত কমেও পাঁচ হাজাৰ লোকে শিবিৰত আশ্ৰয় লোৱাৰ লগতে বাংকে বিহাৰী মন্দিৰলৈ যোৱা পথটো বানত বুৰ ...

August 28, 2025 9:28 PM

views 22

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু হয়। ছুটলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নি পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধ্বংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্য মতে বানত নিহত হোৱা ১৭ গৰাকীৰ ৭ গৰাকী শিয়ালকোটৰ, ৪ গৰাকী গুজৰাটৰ, ৪ গৰাকী নাৰোৱালৰ, দুগৰাকী হাফিজাবাদৰ আৰু এগৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল।

August 28, 2025 7:17 PM

views 30

গুৱাহাটী মহানগৰীত বিয়লিৰ ভাগত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত

গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰূক্মিনী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰসৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথ আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত গু...

June 23, 2025 5:57 PM

views 19

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঐতিহাসিক ৰংঘৰৰ চাৰিওফালে পানী জমা হৈছে। নগৰখনৰ নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবেই এই ঐতিহাসিক ঠাইডোখৰ কৃত্ৰিম বানৰ কৱলত পৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

June 3, 2025 9:01 PM

views 18

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি জটিল অৱস্থাত

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ অসমত সাম্প্রতিক বানত ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্রী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আ...

June 1, 2025 11:30 AM

views 24

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলা বানৰ কবলত

● বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু শাম কাটিছে যদিও কেইবাটাও অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। কামৰূপ জিলাৰ বকোত মেঘালয়ৰ পানীয়ে বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে শিঙৰা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।...

November 1, 2024 8:17 PM

views 23

স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি

স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি পাইছে। বানৰ ফলত ভালেসংখ্যক লোক সন্ধানহীন হৈ আছে। ৮ ঘণ্টা ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ৱালেন্‌চিয়া আৰু মলাগাৰ দৰে চহৰ বানৰ কৱলত পৰিছে আৰু বাঢ়নি পানীৰ ফলত জনসাধাৰণ ঘৰ আৰু বাহনত আৱদ্ধ হৈ পৰিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো চাঞ্চেজে জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে।

September 6, 2024 7:01 PM

views 17

অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা এন ডি আৰ এফৰ ৩৫০ জনক উদ্ধাৰৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ

অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলৰ পৰা এন ডি আৰ এফৰ দলে ৩৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ কৰিছে। তেলেংগানাত ৬৮ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্রায় তিনি হাজাৰ ২০০ জন লোকক আন ঠাইলৈ লৈ যোৱা হৈছে। অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ শেহতীয়া বান পৰিস্থিতি আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা চলাই গৃহ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সঞ্জয় কুমাৰ জিন্দালে আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। শ্ৰী জিন্দালে কয় যে, অন্ধ্ৰপ্ৰদেশত এন ডি আৰ এফৰ ২৬টা দল, ভাৰতীয় বায়ু সেনা বাহিনীৰ ৮খন হে...