October 21, 2024 9:14 PM

views 21

বিমান চলাচলত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ সক্ৰিয় পদক্ষেপ গ্ৰহণঃ ৰাম মনোহৰ নাইডু কিঞ্জাৰাপু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডু কিঞ্জাৰাপুয়ে কৈছে যে বিমান চলাচলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলসমূহৰ সমস্যা সমাধানৰ উদ্দেশ্যে সুৰক্ষা আৰু সতৰ্কতাতন্ত্ৰৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিষয়টো সন্দৰ্ভত চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা কৰি আছে আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এনে ভুৱা ফোনকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে, যাত্ৰীসকলৰ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। নতুন দিল্...