April 16, 2025 8:10 PM
17
দেশত মাছৰ উৎপাদন ৯৫ লাখ টনৰ পৰা প্ৰায় ১৮৪ লাখ টনলৈ বৃদ্ধি
দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন ৯৫ লাখ টনৰ পৰা প্ৰায় ১৮৪ লাখ টনলৈ বৃদ্ধি পাইছে। পুডুচেৰীত আজি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰি মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে এইদৰে কয়। পুডুচেৰীত এই আঁচনিৰ অধীনত ২ হেজাৰ ৩০০ খন মাছ মৰা নাওত ট্রান্সপণ্ডাৰ স্থাপন কৰা হ'ব বুলি শ্রীকুৰিয়ানে আজি ঘোষণা কৰে। এই ট্রান্সপণ্ডাৰসমূহে মাছমৰীয়াসকলক পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰা, তাৎক্ষণিক চিকিৎসা লাভ, আন্তৰাষ্ট্ৰীয় সামুদ্রিক সীমা অতিক্ৰম কৰিলে সতৰ্...