June 10, 2025 12:32 PM

views 12

এফ আই এইচ হকী প্ৰ’ লীগ প্রতিযোগিতাত ভাৰত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত

২০২৪-২৫ বৰ্ষৰ পুৰুষৰ এফ আই এইচ হকী প্ৰ’ লীগ প্রতিযোগিতাত নেদাৰলেণ্ডছৰ আমষ্টেলভিনত কালি অনুষ্ঠিত এখন খেলত ভাৰত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত হয়। বাগেনাৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অভিষেক আৰু যুগৰাজ সিঙে এটাকৈ গ'ল দিয়ে। ইয়াৰ বিপৰীতে প্ৰতিপক্ষ দলৰ থিজেচ ভান ডাম, জেপ হ’ডেমেকাৰ্ছ আৰু জিপ জেনছেনে এটাকৈ গ'ল দিয়ে। ভাৰতে এই পর্যন্ত ১০ খন খেলৰ পৰা ১৫ পইণ্ট সংগ্ৰহ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। নেদাৰলেণ্ডছ পইণ্ট তালিকাৰ প্ৰথম স্থানত থকাৰ বিপৰীতে সম্প্ৰতি ইংলেণ্ড...