June 24, 2024 12:30 PM

views 17

অষ্টাদশ লোকসভাৰ আজি প্ৰথম অধিৱেশন, প্ৰ’-টেম অধ্যক্ষ ভার্তুহাৰি মহতাবক শপতবাক্য পাঠ কৰোৱাব ৰাষ্ট্ৰপতী দ্ৰৌপদী মুৰ্মুৱে

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনত নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। সংসদৰ প্ৰ’-টেম অধ্যক্ষ হিচাপে নিয়োজিত, জ্যেষ্ঠ বিজেপি সাংসদ ভাৰ্তুহাৰি মহতাবে লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলক শপতবাক্য পাঠ কৰোৱাব। আনহাতে অহা বুধবাৰে লোকসভাৰ নতুন অধ্যক্ষগৰাকীৰ নিৰ্বাচন হোৱাৰ বিপৰীতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে দুয়োখন সদনৰ যুটীয়া অধিৱেশন সম্বোধন কৰিব। উল্লেখযোগ্য যে, ৰাজ্যসভাৰ অধিৱেশন বৃহস্পতিবাৰে আৰম্ভ হ'ব। অহা ৩ জুলাইত সংসদৰ অধিৱেশনৰ স...