June 23, 2024 11:39 AM

views 19

সোমবাৰৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলে শপতগ্ৰহণ কৰিব। অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বি জে পিৰ জ্যেষ্ঠ সাংসদ ভর্তৃহৰি মহতাবে লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক শপতবাক্য পাঠ কৰোৱাব। লোকসভাৰ নতুন অধ্যক্ষ নির্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। আনহাতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। ৩ জুলাইত সংসদ অধিৱেশনৰ সামৰণি পৰিব।

June 22, 2024 8:56 PM

views 15

সোমবাৰে অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন সোমবাৰে আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলে শপতগ্রহণ কৰিব। অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা বিজেপিৰ জ্যেষ্ঠ সাংসদ ভর্তৃহৰি মহতাবে লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলক শপতবাক্য পাঠ কৰোৱাব। লোকসভাৰ নতুন অধ্যক্ষ নির্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। আনহাতে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। ৩ জুলাইত সংসদ অধিৱেশনৰ সামৰণি পৰিব।