April 17, 2024 11:17 AM

views 36

অসমত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব । ভোটগ্রহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নিৰ্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা...

April 9, 2024 7:02 PM

views 26

ৰাজ্যৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমণ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমণ ঘটিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি উত্তৰ লখিমপুৰৰ এখন জনসভাত অংশগ্ৰহণ কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলীভৰীয়াত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, উত্তৰ পূৰ্বাঞ্চলে দেশৰ সফলতাৰ কাহিনী হিচাপে আত্মপ্রকাশ কৰিছে। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ...