August 27, 2024 11:16 AM

views 18

নতুন দিল্লীত আজি চিকিৎসা বৃত্তিৰে জড়িত লোকৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক

চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু অনুকূল কৰ্মস্থানৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। ভাৰত চৰকাৰৰ কেবিনেট সচিবৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ'ব। এই টাস্ক ফৰ্চত কেন্দ্ৰীয় গৃহ সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ভাইচ এডমিৰেল ডাঃ আৰ চাৰিন, এইমছৰ সঞ্চালক ডাঃ এ শ্ৰীনিৱাস আৰু স্নায়ু ৰোগ বিভাগৰ প্ৰাক্তন অধ্যাপক ডাঃ পদ্মা শ্রীবাস্তৱক সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে। কলকাতাৰ আৰ জি কৰ চিক...