August 22, 2025 8:20 PM August 22, 2025 8:20 PM

views 6

লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ ফায়াৰিং ৰেঞ্জত অস্ত্ৰ-শস্ত্ৰ সক্ৰিয়

লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুং মুখ ৰেঞ্জত ১ ছেম্পেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ বাবে ৰেঞ্জটো সক্ৰিয় কৰা হৈছে। এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ অনুশীলন কৰিব। লখিমপুৰ জিলা প্রশাসনে এটা নির্দেশনা যোগে এই সময়ছোৱাত দুলুং মুখ ৰেইঞ্জ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।