December 10, 2025 9:02 PM

views 25

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্বোহম এম্পৰিয়াত অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিত থকা শ্বোহম এম্পৰিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত যোৱা নিশা সংঘটিত অগ্নিকাণ্ড বর্তমান নিয়ন্ত্ৰণলৈ অহা বুলি অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ-সঞ্চালক নন্দ সিঙে আজি প্ৰকাশ কৰিছে । ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা নিশা ১২ বজাৰ পৰা আজি পর্যন্ত ২২খন অগ্নিনির্বাপক বাহিনীয়ে অট্টালিকাটোৰ দ্বিতীয় আৰু তৃতীয় মহলাত লগা জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হৈছে। অৱশ্যে অট্টালিকাটোত থকা কাপোৰৰ গুডাম এটাত জুই লগাৰ বাবে ধোঁৱা নিৰ্গত হৈ থকা বুলি তেওঁ উল...

August 25, 2025 10:46 AM

views 39

মাজুলীৰ চেলেকঘাটত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

■ নামনি মাজুলীৰ চেলেকঘাটত আজি পুৱা অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত তিনিখন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট নহয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

December 21, 2024 11:59 AM

views 35

নৱী মুম্বাইৰ বজাৰৰ তিনিটা গুদাম ঘৰত অগ্নিকাণ্ড

নৱী মুম্বাইৰ বজাৰ এলেকাত থকা তিনিটা গুদাম ঘৰত কালি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দুর্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী য়াচিন তাদবীয়ে জনোৱা মতে, নবী মুম্বাইৰ কালামৱল্লীত থকা সিদ্ধি বিনায়ক বজাৰত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। প্ৰথমে এটা গুদাম ঘৰত লগা জুই মুহূৰ্তত আনবোৰ ঠাইলৈ বিয়পি পৰে। এই অগ্নিকাণ্ডত কাঠ মজুত কৰি ৰখা দুটা গুদামৰ লগতে আন এটা কাপোৰৰ গুদামো ভষ্মীভূত হয়।

April 25, 2024 7:18 PM

views 39

বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত অগ্নিকাণ্ডত ৬জন লোক নিহত

বিহাৰৰ পাটনা ৰে'ল ষ্টেচনৰ সমীপৰ এখন হোটেলত আজি দুপৰীয়া সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিগৰাকী মহিলাসহ ৬ জন লোকে প্ৰাণ হেৰুৱায়। পাটনাৰ আৰক্ষী অধীক্ষক চন্দ্র প্রকাশে কৈছে যে, অগ্নিকাণ্ডৰ ঘটনাত ১৫জন লোক আহত হৈছে। আহতসকলক পাটনাৰ চিকিৎসা মহাবিদ্যালয় হাস্পটালত ভৰ্তি কৰোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। হোটেলৰ ৰন্ধন গেছ ছিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি কোৱা হৈছে। অগ্নিকাণ্ডৰ বাবে চৌপাশৰ কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হৈছে। অগ্নি নির্বাপক সেৱাৰ সঞ্চালক প্রধান শোভা অ'হটকৰে ৪৫ গৰাকী ল...