April 26, 2025 12:07 PM

views 11

ডিব্ৰুগড়ৰ লক্ষ্মী নগৰত নিশা হোৱা অগ্নিকাণ্ডত ৬টা ঘৰ ভস্মীভূত

ডিব্ৰুগড় জিলাৰ লক্ষ্মী নগৰত কালি নিশা হোৱা এটা অগ্নিকাণ্ডৰ ঘটনাত ৬ টা ঘৰ সম্পূৰ্ণৰূপে জাহ যায়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ বাসগৃহৰ সমীপৰ এটা পথত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাত বহু টকাৰ সা-সম্পত্তি ধ্বংস হয় যদিও কোনো লোক হতাহত হোৱা নাই৷