April 14, 2025 7:43 PM April 14, 2025 7:43 PM

views 12

ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত অগ্নিনির্বাপক সপ্তাহ পালন

কাৰ্বি আলং জিলাৰ ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা অগ্নিনির্বাপক সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত চাফাই কাৰ্যসূচীৰ লগতে গছ-পুলি ৰোপন কৰা হয়। অগ্নিনির্বাপক সপ্তাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত অগ্নিকাণ্ড আৰু ল'বলগীয়া সাৱধানতা সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।