August 13, 2024 3:07 PM

views 28

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণৰ আহ্বান

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ হকে আহ্বান জনাইছে। ভূপালত আজি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সমাজৰ কল্যাণৰ বাবে বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ব্যৱহাৰ হোৱা উচিত। নৱীকৰণ যোগ্য শক্তিক সময়ৰ আহ্বান বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এই শক্তি মজুত কৰি ৰাখিব পৰা বেটাৰী আৰু অন্য সম্...

August 10, 2024 7:06 PM

views 31

মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিয়া হৈছে : বিত্তমন্ত্রী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিছে। নতুন দিল্লীত আজি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ সঞ্চালক মণ্ডলীৰ সৈতে অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী সীতাৰমনে এই কথা প্ৰকাশ কৰে। তেওঁ বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল কাম-কাজসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। বৈঠকত অংশগ্ৰহণ কৰি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে, বেংকসমূহ সুদৰ হাৰ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে স্বাধীন। জমা ধন আৰু ঋণৰ স...

August 7, 2024 7:54 PM

views 32

চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক ২০২৪ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে, চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আ...

July 31, 2024 10:22 AM

views 20

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ বিত্তমন্ত্ৰীৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাই আছে আৰু ২০২৫-২৬ বর্ষ পর্যন্ত বিত্তীয় ঘাটি ৪.৫ শতাংশৰ তললৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰিছে। লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰহ পাছত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থনীতি ৰূপে পৰিগণিত হৈছে। ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম...

July 11, 2024 8:57 PM

views 22

বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও অংশ লয়। উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰ...

May 8, 2024 8:28 PM

views 16

ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণৰ

বিজেপিৰ জ্যেষ্ঠ নেত্রী তথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে আজি ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন কৰে। শ্ৰীগান্ধীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে আজি সামাজিক মাধ্যমযোগে আজি কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে সমৃদ্ধি লাভ কৰিছে। তেওঁ লগতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ অধীনত ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ ক্ষতি হোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে বর্তমান চৰকাৰে মূলধনী বিনিয়োগৰ ওপৰত গ...