July 30, 2024 8:43 PM

views 16

চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি ৪.৫ শতাংশলৈ হ্ৰাস কৰিবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি ৪ দশমিক ৫ শতাংশলৈ হ্ৰাস কৰিব। লোকসভাত আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেঁও কয় যে, ভাৰত কোৱিডৰ পাছত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোৱিড মহামাৰীৰ পাছতো ভাৰতীয় অৰ্থব্যৱস্থা উজ্বল স্থানৰ...