October 30, 2025 9:26 PM

views 28

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি ভূটানত উপস্থিত হৈছে। মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে বিত্তমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভূটান আৰু ভাৰতৰ মাজত উমৈহতীয়া বিশ্বাস আৰু অংগীকাৰবদ্ধতাৰে কেইবাটাও চুক্তিত স্বাক্ষৰ কৰা। মন্ত্ৰীগৰাকীৰ নেতৃত্বত যোৱা ভাৰতৰ দলটোৱে প্ৰথমে ভূটানৰ ১০০ জন বৌদ্ধ ভিক্ষুৰ বাসস্থান ঐতিহাসিক চাংচেন চোখৰ নামৰ বৌদ্ধ মঠ দৰ্শন কৰিব আৰু তাৰ পাছতেই দেশখনৰ ৰজা জিগমে খেচৰ নামগিয়েন বাংচুকৰ লগতে ভূটানৰ প্ৰধানমন্ত্ৰী দাশ্বো শ্বেৰিং টপগেক লগ ধৰিব।