November 20, 2025 4:00 PM November 20, 2025 4:00 PM

views 9

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্ব...

November 6, 2025 10:52 AM November 6, 2025 10:52 AM

views 30

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

● কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থ...

September 14, 2025 8:03 PM September 14, 2025 8:03 PM

views 28

উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ’ব বুলি  কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ প্ৰকাশ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় উপকৃত হ'ব। চেন্নাইত আজি বাণিজ্য আৰু উদ্যোগ সন্থাৰ যৌথ সন্মিলনত ভাষণ দি তেঁও কয় যে প্রায় ৯৯ শতাংশ সামগ্ৰীৰ জি এছ টি ১২ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ২৮ শতাংশ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৮ বছৰ পূৰ্বে তেতিয়া এই কৰ প্ৰৱৰ্তন কৰা হৈছিল। তেত...

September 7, 2025 11:10 AM September 7, 2025 11:10 AM

views 28

জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ

সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মন্ত্রী সীতাৰমনে কয়, যে জি এছ টিৰ সংস্কাৰক সমগ্ৰ দেশৰ জনসাধাৰণে আদৰণি জনাইছে। যদিহে এই সংস্কাৰ জৰিয়তে কোনো লোক উপকৃত নহয়, তেন্তে তেওঁলোকক এই বিষয়ে জনাবলৈ বিত্তমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয়, যে জি এছ টিৰ সংস্কাৰৰ বাবে দীঘলীয়া কৰ্মসময় আৰু আমোলা পৰ্যায়ৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছে।

September 4, 2025 3:51 PM September 4, 2025 3:51 PM

views 12

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...

July 6, 2025 2:19 PM July 6, 2025 2:19 PM

views 22

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনা

ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে যোৱা নিশা ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। এই আলোচনাত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে ঠাই পায়। ৰাছিয়াৰ বিত্তমন্ত্ৰী এণ্টন চিলৱেনভৰ সৈতে হোৱা বৈঠকত শ্ৰীমতী সীতাৰমনে নতুন বিকাশ বেংকৰ সৈতে জড়িত বিষয়ৰ উপৰি বিশেষকৈ অৰ্থনৈতিক খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত মত বিনিময় কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে চীনৰ বিত্তমন্ত্ৰী লান ফৱানকো সাক...

April 20, 2025 10:17 AM April 20, 2025 10:17 AM

views 23

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু অভিমুখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। আমেৰিকাৰ ছেনফ্ৰান্সিস্কোৰ দুদিনীয়া ভ্ৰমণকালত শ্ৰীমতী সীতাৰমণে ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ হুৱৰ প্ৰতিষ্ঠানত মূল ভাষণ দিব আৰু আগশাৰীৰ পুঁজি ব্যৱস্থাপনা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি বিত্তমন্ত্ৰীগৰাকী তথ্য প্রযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। শ্ৰীমতী সীতাৰমণে প্রবাসী ভাৰতীয়সকলৰ এটা অনুষ্ঠানত ভাগ ল'ব আৰু দেশখনত বাস কৰা ভাৰতীয় সম্প্...

April 6, 2025 1:33 PM April 6, 2025 1:33 PM

views 20

এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ’লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ'লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে। চেন্নাইত কালি এখন আলোচনাচক্রত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থা ৰূপায়ণৰ ফলত দেশৰ মুঠ ঘৰুৱা উৎপাদনো চাৰে চাৰি লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আনুমানিক এক লাখ কোটি টকা ব্যয় হৈছিল আৰু একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে প্ৰায় ১২ হাজাৰ কোটি টকা ৰাহি কৰিব পৰা গ'লহেঁতেন। একেলগে লোকসভা আৰু বিধানসভা নির্বাচন অনুষ্ঠিত ...

January 31, 2025 10:34 AM January 31, 2025 10:34 AM

views 17

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

■ সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশি দিয়া ভাষণ দিব। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বাজেট অধিৱেশনৰ সময়ছোৱাত বিত্ত বিধেয়ক ২০২৫, ৱাল্ফ সংশোধনী বিধেয...

December 8, 2024 11:46 AM December 8, 2024 11:46 AM

views 20

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিভিন্ন সংগঠনৰ সৈতে ২০২৫-২৬ বৰ্ষৰ প্রাক-বাজেট আলোচনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি ২০২৫-২৬ বৰ্ষৰ সংগতি ৰাখি বিভিন্ন কৃষক সংগঠন আৰু আগশাৰীৰ কৃষি অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত দ্বিতীয় প্রাক-বাজেট আলোচনাত অধ্যক্ষতা কৰে। বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশীদাৰসকলৰ সৈতেও আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীৰ লগতে বিত্ত সচিব আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।