December 27, 2025 8:20 PM December 27, 2025 8:20 PM

views 3

নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ বৈঠক অনুষ্ঠিত

নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। দিল্লী মণ্ডলৰ মুখ্য সীমা শুল্ক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সহযোগী পক্ষসমূহৰ বিশ্বাস শক্তিশালী কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা হয়। এই বৈঠকত এফ এছ এছ এ আই, প্লেণ্ট কোৱাৰেণ্টাইন, ঔষধ নিয়ন্ত্ৰকৰ দৰে চৰকাৰী ভালেমান সংস্থাৰ লগতে বিভিন্ন বাণিজ্যিক সহযোগীয়ে অংশগ্ৰহণ কৰে বুলি বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত হোৱা আলোচনাকালত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক ব'ৰ্ডৰ শেহতীয়া সকলো নীতি আ...

December 4, 2025 8:44 PM December 4, 2025 8:44 PM

views 15

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

November 20, 2025 4:00 PM November 20, 2025 4:00 PM

views 14

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্ব...

November 10, 2025 6:20 PM November 10, 2025 6:20 PM

views 20

দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় বৈঠকত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতা

বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত দেশৰ কেইবাগৰাকীও আগশাৰীৰ অর্থনীতিবিদ উপস্থিত থাকে। বিত্ত মন্ত্ৰ্যালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই বৈঠকত অংশ লৈ বাজেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। এই প্রাক বাজেট পৰামৰ্শদান বৈঠক আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হয়। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা ৩ বজালৈ বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাগৰ...

November 6, 2025 10:52 AM November 6, 2025 10:52 AM

views 36

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

● কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থ...

June 12, 2025 3:15 PM June 12, 2025 3:15 PM

views 32

দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে: বিত্তমন্ত্ৰী

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমনে কয়, যে ২০১৪ চনত ৭ হাজাৰ কোটিৰো অধিক প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰা হৈছিল আৰু বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ ৬ লাখ ৪৩ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। ২০২৪-২৫ বৰ্ষত ২৬০ লাখ কোটিৰো অধিক ধন লেনদেনেৰে ভাৰতে বাস্তৱিক লেনদেনৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিছে বুলি কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

April 9, 2025 3:22 PM April 9, 2025 3:22 PM

views 23

২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে: বিত্তমন্ত্রী সীতাৰমণ

■ ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত-ব্ৰিটেইন বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দি অহাৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে বুলি উল্লেখ কৰে।

January 24, 2025 4:47 PM January 24, 2025 4:47 PM

views 20

দিল্লীত কেন্দ্রীয় বাজেট প্রস্তুতি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰূপে জনাজাত হল্‌ৱা সমাৰোহত বিত্তমন্ত্রী সীতাৰমনে অংশগ্ৰহণ কৰিব

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট প্রস্তুতি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ৰূপে জনাজাত হল্‌ৱা সমাৰোহত অংশগ্ৰহণ কৰিব। পৰম্পৰা অনুযায়ী বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকল এই সমাৰোহত উপস্থিত থাকিব। পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। পৰম্পৰা অনুযায়ী হল্‌ৱা সমাৰোহৰ পাছত বিত্ত মন্ত্ৰালয়ৰ কোনো বিষয়াই মন্ত্ৰ্যালয় চৌহদ ত্যাগ কৰিব নোৱাৰে। সংসদত বাজেট উত্থাপন কৰাৰ পাছতহে বাজেট দলৰ সদস্যসকলে মন্ত্ৰালয় ত্যাগ ...

November 12, 2024 8:45 AM November 12, 2024 8:45 AM

views 11

এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বিত্তমন্ত্ৰী সাতাৰমণৰ বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বেংকটোৰ সঞ্চালক মণ্ডলীৰ ১১ গৰাকী প্ৰতিনিধিয়ে ভাগ লয়। যোৱা ৯ বছৰত লাভ কৰা উল্লেখযোগ্য সফলতাৰ বাবে মন্ত্ৰী শ্ৰীমতী সীতাৰমনে বেংকটোৰ ভূয়সী প্রশংসা কৰে। তেওঁ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ আৰু এই সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক শক্তিশালী বৃহৎ আৰ্থিক ভেটি আৰু নেতৃত্বৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংকটোৱে অনুকূল জলবায়ু, আন্তঃগাঁথনিৰ শক্ত...

October 1, 2024 2:36 PM October 1, 2024 2:36 PM

views 18

বৰ্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছেঃ বিত্তমন্ত্ৰী সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে বৰ্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছে। তেওঁ জন-ধন যোজনাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ইটানগৰত আজি ঋণ প্ৰদান কৰা সন্দৰ্ভত আয়োজন কৰা এটা জন সজাগতা কার্যসূচীত অংশগ্রহণ কৰি ভালেমান চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকৰ পৰা কোনোধৰণৰ বন্ধক নোহোৱা আৰু নথি-পত্ৰৰ দীঘলীয়া প্ৰক্ৰিয়া নোহোৱাকৈ জনসাধাৰণক ঋণ প্ৰদান কৰাটো নিশ্চিত ক...