September 25, 2024 7:33 PM

views 15

ষোড়শ বিত্ত আয়োগৰ অধ্যক্ষৰ নেতৃত্বত আয়োগৰ সদস্যৰ দল গুৱাহাটীত উপস্থিত

ষোড়শ বিত্ত আয়োগৰ অধ্যক্ষৰ নেতৃত্বত আয়োগৰ সদস্যসকলৰ এটা দল আজি গুৱাহাটীত উপস্থিত হয়। অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ এটা দলে আজি পুৱা তেওঁলোকক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায়। বিত্ত আয়োগৰ দ্বাৰা আৱণ্টিত পুঁজি ৰূপায়ণৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণসূচীৰে আয়োগৰ এই দলটো অসমত উপস্থিত হৈছে।