January 2, 2026 11:52 AM

views 9

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগৰ প্রকাশ

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগে প্রকাশ কৰিছে। ই মুঠ ঘৰুৱা উৎপাদন জি ডি পিৰ প্ৰায় ২১ শতাংশ ৰপ্তানিৰ জৰিয়তে দেশে বৃহৎ পৰিমাণৰ বিদেশী মুদ্রা আহৰণ কৰিব পাৰে। সেই খণ্ডত প্রত্যক্ষ আৰু প্ৰৰোক্ষভাৱে ৪ কোটি ৫০ লাখতকৈ অধিক লোক জড়িত হৈ আছে। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ এম এছ এম ইয়ে দেশৰ মুঠ ৰপ্তানিৰ প্ৰায় ৪৫ শতাংশ অৱদান আগবঢ়ায়। অর্থনৈতিক স্থিৰতা আৰু বিকাশ অব্যাহত ৰখাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

June 25, 2024 6:45 PM

views 26

বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত প্রাক্-বাজেট আলোচনা

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্রাক্-বাজেট আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰী, মুখ্য অর্থনৈতিক পৰামৰ্শদাতা ভি অনন্ত নাগেশ্বৰন, বিত্ত বিভাগৰ সচিব টি ভি সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে। যোৱা সপ্তাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। কৃষক সংঘৰ প্ৰত...

June 12, 2024 12:22 PM

views 33

২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি বিত্ত মন্ত্ৰালয়ৰ

কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে ২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে। ইয়াৰে অসমে ৪ হাজাৰ ৩৭১ কোটি ৩৮ লাখ টকা লাভ কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিব। উত্তৰ প্রদেশে সৰ্বাধিক ২৫ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। বিহাৰে ১৪ হাজাৰ কোটিতকৈও অধিক টকা, মধ্যপ্রদেশে প্রায় ১১ হাজাৰ কোটি আৰু পশ্চিমবংগই ১০ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। উল্লেখযোগ্...