December 24, 2024 1:30 PM December 24, 2024 1:30 PM
22
যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া বিয়লি সম্পন্ন কৰা হ’ব
কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ'ব। পৰিচালকগৰাকীৰ নশ্বৰ দেহ বৰ্তমান মুম্বাইৰ পে'ডাৰ ৰোডত থকা তেওঁৰ বাসভৱনত ৰখা হৈছে আৰু ছবিজগতৰ ভালেসংখ্যক শিল্পী, কলাকুশলীয়ে শ্যাম বেনেগালৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কালি মুম্বাইত ৯০ বছৰ বয়সত মৃত্যু হয়। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনে...