June 18, 2025 12:57 PM

views 10

এফ আই এইচ হকী প্ৰ’ লীগৰ মেচত আর্জেণ্টিনাৰ হাতত ভাৰতীয় মহিলা দল পৰাস্ত

এফ আই এইচ হকী প্ৰ' লীগৰ এখন মেচত কালি নিশা লণ্ডনৰ লী ভেলী হকী এণ্ড টেনিছ চেণ্টাৰত ভাৰতীয় মহিলা দলটো আর্জেণ্টিনাৰ হাতত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাৰ ইউৰোপীয় লেগত ১৫ জুনত অষ্ট্ৰেলিয়াৰ হাতত ১-২ গ'লত পৰাস্ত হোৱাৰ পিছত এয়া একেৰাহে ভাৰতৰ দ্বিতীয়টো পৰাজয়। দীপিকাই ভাৰতৰ হৈ হাফ টাইমৰ ঠিক পিছতে পেনাল্টি কর্ণাৰৰ জৰিয়তে একমাত্ৰ গ'লটো দি ১-১ গ'লত সমতা স্থাপন কৰিছিল। কিন্তু আৰ্জেণ্টিনাই খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনি পৰৱৰ্তী সময়ত আৰু তিনিটা গ'ল দি মেচখনত জয়লাভ কৰে।

June 13, 2025 12:12 PM

views 8

নেডাৰলেণ্ডছত অনুষ্ঠিত FIH প্ৰ’ লীগ হকী প্রতিযোগিতাত আৰ্জেণ্টিনাৰ হাতত ভাৰত পৰাস্ত

FIH প্ৰ' লীগ হকী প্রতিযোগিতাত কালি সন্ধিয়া নেডাৰলেণ্ডছৰ এমটেলভীনত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত ১-২ গ’লৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ যুগৰাজ সিঙে খেলৰ চতুৰ্থ মিনিটতে গ’ল দি দলৰ অগ্ৰগতি প্ৰদান কৰে যদিও কিছুসময়ৰ পাছত টমাছ ডমেনেই দিয়া গ’লেৰে আৰ্জেণ্টিনাই সমতা স্থাপন কৰে। প্ৰথমাৰ্থত দুয়োটা দলেই গল দিয়াৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও উভয় দলৰ গল ৰক্ষক কৃষণ বাহাদুৰ পাঠক আৰু টমাছ ছেণ্টিয়াগোৰ সুন্দৰ প্ৰদৰ্শনৰ বলত বিৰতিৰ পৰলৈকে স্ক'ৰ ১-১ গলত অপৰিৱৰ্তিত হৈ থাকে । খেলৰ ৪৯ মিনিটত ডমেনে পুনৰ ...