December 29, 2025 12:18 PM

views 28

ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিৰ ব্ৰঞ্জৰ পদক

দোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ শাখাত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেন আৰু আলেকজেন্দ্ৰা গ'ৰয়াছকিনাই খিতাপ জয় কৰে। কনেৰু হাম্পিয়ে ২০১৯ আৰু ২০২৪ চনৰ এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।

November 6, 2025 11:59 AM

views 46

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত কৰাৰ লগতে এৰিগেইছিয়ে বুলগেৰিয়াৰ মার্টিন ভেক ২-০ ফলাফলত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ উন্নীত হয়। হৰিকৃষ্ণাই গ্ৰেণ্ডমাষ্টাৰ আৰ্ছেনি নেষ্টৰোভক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্...

October 21, 2025 7:59 PM

views 36

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ’ আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ' আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে। জনপ্রিয় গায়ক ডলেৰ মেহন্দীয়ে প্রতিযোগিতাৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে আৰু লগ'টোত গোৱাৰ সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলগত চিন্তা-ধাৰা আৰু নেতৃত্বৰ গুণসমূহ ছাত্র-ছাত্রীৰ মাজত বিকশাই তোলাৰ ক্ষেত্ৰত ডবাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ডবাৰ প্ৰচলনৰ বাবে আহ্বান জনাইছে। এই বিশ্বকাপ ডবা প্রতিযোগিতা ৩১ অক্টোব...