July 29, 2025 9:52 AM

views 15

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখক প্রধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এটা বার্তাযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিব্যা দেশমুখ ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপত জয়ী হোৱাৰ লগতে গ্ৰেণ্ড মাষ্টাৰো হৈছে। দিব্যাৰ সফলতাই যুৱক-যুৱতীসকলক প্ৰেৰণা দিব। যুৱ প্ৰজন্মৰ মাজত দবা খেল আৰু অধিক জনপ্ৰিয় হোৱাত দিব্যাৰ সফলতাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱেও দিব্যা দেশমুখ আৰু প...

July 28, 2025 10:47 AM

views 19

ফিডে মহিলা বিশ্বকাপৰ খিতাপ দখলৰ বাবে কনেৰু হাম্পি আৰু দিব্যা দেশমুখ ৰেপিড আৰু ব্লিটজ টাইব্ৰেকৰ মুখামুখি

জর্জিয়াৰ বাটুমিত অনুষ্ঠিত হ'বলগীয়া ফিডে মহিলা বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ আজি গ্ৰেণ্ড মাষ্টাৰ কনেৰু হাম্পি আৰু আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ দিব্যা দেশমুখে ৰেপিড আৰু ব্লিটজ টাইব্ৰেকত মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ এক বাজি ৩৫ মিনিটত আৰম্ভ হ'ব। টাইব্ৰেকত ১০ মিনিটৰ দুখন ৰেপিড মেচ অনুষ্ঠিত হ'ব আৰু প্ৰতিটো চালৰ পিছত ১০ ছেকেণ্ডকৈ সময় বৃদ্ধি পাব। যদিহে ফলাফল সমান হৈ থাকে, পাঁচ মিনিটৰ দুখন মেচ অনুষ্ঠিত কৰা হ'ব আৰু প্ৰতিটো চালৰ পিছত তিনি ছেকেণ্ডকৈ সময় বৃদ্ধি কৰা হ'ব। ইয়াৰ পাছতো যদিহে ফলাফল সম...

July 27, 2025 11:27 AM

views 12

ফিডে মহিলা দবা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখৰ খেল অমিমাংসীত

ফিডে মহিলা দবা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখৰ মাজৰ খেলখন কালি অমিমাংসীতভাৱে সমাপ্ত হয়। জর্জিয়াৰ বটুমিত অনুষ্ঠিত খেলখনত দিব্যাই বগা আৰু কনেৰু হাম্পি ক'লা গুটীৰে অৱতীৰ্ণ হয়। দুয়োগৰাকী খেলুৱৈয়ে আধা পইণ্ট লাভ কৰে। ফাইনেলৰ দ্বিতীয়খন খেল আজি অনুষ্ঠিত হ'ব।