February 5, 2025 1:08 PM

views 15

ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ বিকাশজ্যোতি বৰা

গুৱাহাটী ডবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশজ্যোতি বৰা ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে। যোৱা ১ ফেব্ৰুৱাৰীত বিশ্ব ডবা সংস্থাই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি তেওঁ ১,৫৬৬ ৰেটিং পইণ্ট লাভ কৰে। যোৱা বছৰৰ ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ গুৱাহাটী ইণ্ডিয়া অপেন ইণ্টাৰনেচনেল ৰেটিং ডবা প্ৰতিযোগিতাত প্ৰদৰ্শনৰ ভিত্তিত তেওঁক এই ৰেটিং দিয়া হয়।