September 3, 2025 1:07 PM
10
উজবেকিস্তানত আজিৰে পৰা এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা
উজবেকিস্তানৰ সমৰখণ্ডত আজিৰে পৰা চলিত বৰ্ষৰ এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা আৰম্ভ হ'ব। ছিল্ক ৰোড প্ৰদৰ্শনী কেন্দ্ৰত আয়োজিত এই প্রতিযোগিতাখনত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ ভাৰতীয় খেলুৱৈ আৰ প্রজ্ঞানানন্দক মুকলি শিতানত প্ৰথম বাছনিত স্থান দিয়া হৈছে। একে শিতানত ভাৰতৰ বিশ্ব ছেম্পিয়ন ডি . গুকেশ, অৰ্জুন এৰিগাইছি আৰু যোৱাবাৰৰ বিজয়ী বিদীত গুজৰাটীয়ে দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব। ইপিনে, ভাৰতৰ মহিলা চেম্পিয়ন দিব্যা দেশমুখেও মুকলি শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। মহিলাৰ শাখাত যোৱাবাৰৰ বিজয়ী বৈশালী ৰমেশব...