August 26, 2024 9:08 PM

views 15

দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন; দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্রাণ ৰাইজে সত্ৰ, নামঘৰলৈ গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উদযাপন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূমি মন্দিৰকে ধৰি হাজাৰ হাজাৰ মন্দিৰ এই উপলক্ষে সুন্দৰভাৱে সজাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি জন্মাষ্টমীৰ প্ৰাকক্ষণত দেশবাসী তথা প্রবাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ...