November 5, 2024 2:31 PM

views 63

‘নহায়-খায়’ ৰীতিৰে চাৰিদিনীয়া ষট পূজা আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্রসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰিব।

October 12, 2024 9:20 PM

views 55

উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে এনেধৰণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভাৰতে আক্ৰমণকাৰীসকলে মন্দিৰৰ ওপৰত আক্ৰমণ কৰি অপবিত্ৰ তথা প্ৰতিমাৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত কৌশল অৱলম্বন কৰা দেখা পাইছে বুলি মন্ত্ৰ্যালয়ে উ...

May 6, 2024 1:25 PM

views 90

১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ফাট বিহু উদযাপন

♦লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত অহা ১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মঞ্চ মুকলি, দুপৰীয়া টকা বিহু প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় দিনা পুৱা বিহু দলসমূহক আদৰণি, পূর্ণবয়ষ্ক হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অন্তিম দিনা দিনৰ এক বজাত বর্ণাঢ্য সংস্কৃতিক শোভাযাত্রা, মুকলি বিহু প্রতিযোগিতা, মুকলি সভা অনুষ্ঠিত হ'ব। শোভা...