June 30, 2025 8:33 PM

views 32

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে

মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ যাত্ৰা কৰা এছ বি প্রীতিশ নামৰ ফেৰীখন আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে। উল্লেখযোগ্য যে কালিও ব্ৰহ্মপুত্ৰৰ মাজত এছ বি জলতৰি নামৰ আন এখন ফেৰী আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে। সেয়েহে কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ অহা-যোৱা কৰা যাত্ৰীসকলক অফলামুখ ঘাটেৰে জল পৰিবহণ বিভাগে যাত্ৰাৰ ব্যৱস্থা কৰিছে।

June 2, 2025 9:21 PM

views 22

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে। আভ্যন্তৰীণ জন পৰিবহণ বিভাগে এটা নির্দেশ যোগে এই কথা প্ৰকাশ কৰিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই সেৱা বন্ধ থাকিব। কামৰূপ জিলা প্ৰশাসনে এই সময়ছোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ উত্তৰ গুৱাহাটীলৈ চলাচল কৰা হ'ব বুলি প্ৰকাশ কৰিছে।

June 2, 2025 10:15 AM

views 26

বান পৰিস্থিতি; গুৱাহাটীৰ ৩ টা ঘাটৰ ফেৰী সেৱা বন্ধ

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপ...

May 27, 2024 7:18 PM

views 24

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বাতিল

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈও এই সেৱা বন্ধ থাকিব। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত ব্যক্তিগত নাৱৰ চলাচলো বন্ধ কৰা হৈছে। একেদৰে শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি পূব মধ্য বংগোপ সাগৰত বিকশিত হোৱা ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত সতর্কবাণী জাৰি কৰা হৈছে। এই অনুযায়ী জিলাখনত সকলো ফেৰী সেৱা পৰিচলনা কৰা বিভাগ আৰু ব্যক্তিগত নাও, জাহাজক আজ...