November 30, 2024 6:38 PM

views 39

ঘূৰ্ণীবতাহ ফেইঞ্জলৰ প্ৰভাৱত হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰীত সতর্কতা

ঘূৰ্ণীবতাহ ফেইঞ্জলৰ প্ৰভাৱত হ'ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰীত সতর্কতা অৱলম্বন কৰা হৈছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপকূলীয় অঞ্চলত ৩০০ৰো অধিক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। আনহাতে উপকূলীয় পথসমূহো বন্ধ কৰি দিয়াৰ লগতে এই অঞ্চলসমূহত ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ কলাই-ভানানে উপকূলীয় অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে আজি পুৱাৰ পৰা সমগ্ৰ পুডুচেৰীত পাতলীয়া বৰষুণ হৈছে।