December 1, 2024 12:33 PM

views 12

তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহ ফেংগাল স্থলভাগত প্ৰৱেশ

কাৰাইকাল আৰু মহাবলীপুৰমৰ মাজত যোৱা নিশা তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহ ফেংগাল স্থলভাগত প্ৰৱেশ কৰে। নিশা চাৰে ১০ বজাৰ পৰা চাৰে ১১ বজাৰ মাজৰ সময়চোৱাত উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূল অতিক্ৰম কৰি ফেংগালে প্রতি ঘণ্টাত ৭০ৰ পৰা ৮০ কিলোমিটাৰ বেগেৰে পাৰ হৈ যায়। ধুমুহাজাকে পশ্চিম-দক্ষিণ-পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে। ঘূৰ্ণীবতাহজাকৰ ফলত উত্তৰ তামিলনাডু আৰু চুবুৰীয়া পুডুচেৰীত প্ৰচণ্ড বৰষুণ হৈছে। বৰষুণৰ ফলত বাছ, ৰে'ল আৰু বিমান সেৱাকে ধৰি ৰাজহুৱা পৰিবহণত প্ৰভাৱ প...