September 6, 2024 8:41 PM

views 27

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সম্বিত পাত্ৰাই কয় যে, ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রীপাত্ৰাই কয় যে, এই ঘটনাক লৈ লুকাবলগীয়া এনে কি আছিল, যাৰ বাবে তৃণমূল চৰকাৰে বিষয়াগৰাকীক ধনৰ প্ৰস্তাৱ লৈ ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল৷

August 14, 2024 12:14 PM

views 13

আৱাসিক চিকিৎসক সংস্থা সংঘৰ ধর্মঘট প্রত্যাহাৰৰ সিদ্ধান্ত

আৱাসিক চিকিৎসক সংস্থা সংঘই কলকাতাৰ এগৰাকী চিকিৎসকৰ হত্যাৰ প্ৰতিবাদত আহ্বান জনোৱা ধর্মঘট প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। আৱাসিক চিকিৎসক সংস্থা সংঘৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মাজত কালি নতুন দিল্লীত হোৱা বৈঠকত এই মর্মে এটা সিদ্ধান্ত লোৱা হয়। সমগ্ৰ দেশৰ চিকিৎসকসকলে কলকাতাৰ ঘটনাক লৈ সোমবাৰৰে পৰা ধৰ্মঘট কৰি আছিল। বৈঠকৰ অন্তত সংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৱাসিক চিকিৎসক সংস্থা সংঘৰ অধ্যক্ষ অৱিৰল মাথুৰে কয় যে নিৰ্ধাৰিত সময়ত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব বুলি স্বাস্থ্য মন্ত্...