December 30, 2025 7:07 PM

views 43

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ২৩৬৯ টকাৰ উপৰি অতিৰিক্ত সাহায্য ২৫০ টকাকৈ আগবঢ়াইছে। সৰ্বমুঠ প্ৰতি কুইণ্টলত ২৬১৯ টকা দৰত ধান ক্রয় কেন্দ্ৰত ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কেন্দ্ৰটোৱে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰটোৰ জৰিয়তে ধান বিক্ৰীৰ বা...