December 12, 2025 7:58 PM

views 6

ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ পৰা ২৬,৮০০ বস্তা চাউল হৰলুকি ঘটনাৰ চিবিআই তদন্তৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রতিবাদ

ভাৰতীয় খাদ্য নিগমৰ ধেমাজী গুদামৰ পৰা ২৬ হাজাৰ ৮০০ বস্তা চাউল হৰলুকি হোৱা ঘটনাৰ চি বি আই তদন্তৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজীৰ কচাৰি ময়দানৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ শতাধিক সদস্যই অংশ লয়। প্রতিবাদকাৰীসকলে ভাৰতীয় খাদ্য নিগমৰ লখিমপুৰ কাৰ্যালয়ৰ অন্তৰ্গত গুদামসমূহক তদন্তৰ আওতালৈ অনা, সুলভ মূল্যৰ দোকানীক নিম্ন মানৰ চাউল যোগান আদিকে ধৰি বহুকেইটা বিষয় চিবিআইৰ তদন্তৰ আওতালৈ অনাৰ বাবে দাবী উত্থাপন...