May 8, 2025 11:23 AM
26
ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম'হঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। কাইলৈ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হধূলি চাপবিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্রতিযোগিতা, পূর্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন...