June 11, 2024 8:42 PM

views 11

ৰাজ্যৰ কৃষকৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ লগতে কৃষি বিভাগৰ অন্যান্য জনকল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু ৰহমৰীয়া কৃষি চক্ৰৰ লগতে জয়পুৰ কৃষি চক্ৰতো কৃষি বিভাগে কৃষকসকলৰ মাজত প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে। আনহাতে, মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি গড়মূৰস্থিত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰৰ সভাগৃহত সামূহিক সেৱা কেন্দ্ৰ আৰু বীমা ...