June 1, 2024 8:02 PM June 1, 2024 8:02 PM
16
ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৭০ টা চাবোনৰ বাকচত লুকুৱাই অনা ৮৫০ গ্ৰামৰো অধিক হেৰোইন জব্দ কৰিছে। জব্দ কৰা হেবোইনখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে য...