December 3, 2025 4:06 PM December 3, 2025 4:06 PM

views 8

ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম, ভুৱা বাতৰি আৰু কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ লেখীয়া বা-বাতৰি চিনাক্ত কৰি এইবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খচৰা নীতি প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ লগতে সদনক জানিবলৈ দিয়...

April 27, 2025 8:33 PM April 27, 2025 8:33 PM

views 20

সেনা বাহিনীক অত্যাধুনিক কৰাৰ বাবে চৰকাৰে বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত বাৰ্তা ভুৱা বুলি চৰকাৰৰ প্ৰকাশ

সেনা বাহিনীক অত্যাধুনিক কৰি তোলাৰ বাবে চৰকাৰে এটা বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰা এটা বাৰ্তা ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ সত্যতা নিৰূপন গোটে এই বাৰ্তাটো বিভ্ৰান্তিকৰ বুলি সদৰি কৰিছে। কোনো সামৰিক অভিযানৰ সময়ত নিহত অথবা আহত হোৱা সেনাৰ পৰিয়াললৈ ততালিকে বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰে সশস্ত্র বাহিনী যুদ্ধত ক্ষতিগ্ৰস্তসকলৰ কল্যাণ পুঁজি - এ এফ বি চি ডব্লিঅ' এফ মুকলি কৰিছে। এই পুঁজিৰ জৰিয়তে যুদ্ধত হতাহত হোৱা সেনা জোৱান তথা তেওঁৰ প...

February 17, 2025 8:40 PM February 17, 2025 8:40 PM

views 12

NRDRMয়ে তেওঁলোকৰ উদ্যোগত দুটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ কথা অস্বীকাৰ

গ্রামীন উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় গ্ৰামীন উন্নয়ন আৰু পুনৰ নিৰ্মাণ অভিযান NRDRM এ তেওঁলোকৰ উদ্যোগত দুটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ কথা অস্বীকাৰ কৰিছে। মন্ত্ৰালয়ে জনাই যে, এন আৰ ডি আৰ এমে মন্ত্ৰালয়ৰ তত্বাৱধানত কাম নকৰে। মন্ত্ৰালয়ে লগতে এন আৰ ডি আৰ এমে www.nrdrm.com আৰু www.nrdrmvacancy.com এই দুটা ৱেৱছাইটৰ জৰিয়তে চাকৰিৰ ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰালয়ে এন আৰ ডি আৰ এমৰ তত্বাৱধানত প্ৰচাৰিত এনে ভুৱা বিজ্ঞাপনত ভোল নাযাবলৈ সাধাৰণ জনতাক আহ্বান জনাইছে।

September 2, 2024 8:57 AM September 2, 2024 8:57 AM

views 11

ভাৰতে বাংলাদেশৰ ৬ জন ছাত্ৰ নেতাৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰা বুলি দাবী কৰা বাতৰি ভুৱা

■ ভাৰতে বাংলাদেশৰ ৬ জন ছাত্ৰ নেতাৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰা বুলি দাবী কৰা বাতৰিবোৰ ভুৱা। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ভাৰতে এনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। একাংশ সংবাদ মাধ্যমত বাংলাদেশৰ ৬জন ছাত্ৰ নেতাৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল।

September 2, 2024 8:49 AM September 2, 2024 8:49 AM

views 10

কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশিত বাতৰিটো ভুৱা

■ কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ'ব আৰু ২৮ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি এটা ভুৱা খবৰ বিয়পি পৰা পৰিলক্ষিত হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই খবৰ মিছা বুলি প্ৰকাশ কৰিছে৷ নিযুক্তিৰ পূৰ্বে এহেজাৰ ৩৫০ টকা পঞ্জীয়ন মাচুল দিব লাগিব বুলি কৰা দাবীক মন্ত্ৰালয়ে অস্বীকাৰ কৰিছে৷

April 3, 2024 8:48 PM April 3, 2024 8:48 PM

views 42

একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ

◊ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, এই বাতৰিসমূহত ৫শ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্ৰকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সৰ্...