November 2, 2025 7:44 PM

views 28

যোৱা দুদিনত পুনৰ দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীৰ

কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত পুনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। জিলাখনত ইয়াকে ধৰি বৰ্তমানলৈকে ১৭ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ছোট জালেংগা দ্বিতীয় খণ্ডৰ বাসিন্দা সুপাল ৰায়ে দীৰ্ঘদিন ধৰি ৰোজকান্দি চাহ বাগিচাত নিজৰ ফাৰ্মাচীত চিকিৎসা আগবঢ়াই আহিছিল। পশ্চিমবংগৰ জলপাইগুৰিৰ বাসিন্দা ইন্দ্ৰজিৎ ৰায় নামৰ আনজন লোকে ধাৰাপুৰৰ এখন ক্লিনিকত ভিজিটিং চিকিৎসক হিচাপে ৰোগীক চিকিৎসা কৰিছিল।