September 18, 2024 11:49 AM

views 23

ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত ‘মেটা’ৰ বিশ্বজুৰি নিষেধাজ্ঞা আৰোপ

ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ আৰু থ্রেডছৰ অভিভাৱক কোম্পানী মেটাই ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত বিশ্বজুৰি নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। সোমবাৰে লিখিত বিবৃতিত মেটাই কয় যে সকলো দিশ পৰ্যালোচনাৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত ৰ'ছিয়া চেগোডনিয়া, আৰ টি, আৰু অন্যান্য আনুসংগিক সংবাদ সংস্থাসমূহক বিশ্বজুৰি মেটাৰ প্লেটফর্মসমূহত নিষিদ্ধ কৰা হৈছে। ক্রেমলিনে এই নিষেধাজ্ঞাক তীব্র সমালোচনা কৰিছে। ৰাছিয়া চৰকাৰৰ মুখপাত্র দিমিত্রী পেস্কোভে ...